July 3, 2025 7:01 PM

views 18

অসম আৰু মেঘালয়ৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ

কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলত অসম আৰু মেঘালয়ৰ জৰীপ দল, প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰীসকলে দুয়োখন ৰাজ্যৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ কৰিছে। হাহিমৰ ৰংথালি গাঁৱৰ পৰা গিজাং নৈৰ পাৰে পাৰে স্তম্ভ স্থাপনৰ কাম আৰম্ভ হৈছে। ৰাজ্য দুখনৰ মাজত দীৰ্ঘদিন ধৰি থকা সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত বিবাদমান এলেকাসমূহ চিহ্নিত কৰা হৈছিল। দুয়োখন ৰাজ্যৰ মন্ত্ৰী-বিষয়াৰ নেতৃত্বত বহু আলোচনাৰ মাজেৰে ১২টা এলেকা চিহ্নিত কৰা হৈছিল। ইয...