জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে কৃষিত কু-প্ৰভাৱ পেলায়ঃ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে কৃষিত কু-প্ৰভাৱ পেলায় বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই প্রকাশ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহত অংশগ্রহণ কৰি ৰাজ্যপালগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে কৃষিৰ স্নাতকসকলে কৃষক, সমাজ আৰু জাতিৰ সেৱাৰ বাবে জ্ঞান আৰু দক্ষতাক ব্যৱহাৰ কৰি দলীয় মনোভাৱেৰে কাম কৰা উচিত। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে কৃষিখণ্ডৰ অৱদান গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে চৰকাৰে কৃষি খণ্ডৰ বিকাশ আৰু কৃষকসকলৰ সমৃদ্ধিৰ বিষয়ে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে চাহ, মাজুলী চাউল, তেজপুৰৰ লিচু আৰু জহা চাউলকে ধৰি ৰাজ্যৰ ভালেমান সামগ্ৰীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুকীয়া পৰিচয় গঢ়ি তোলাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত মুঠ ৫৪৮ গৰাকী শিক্ষার্থীক স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই সমাৱৰ্তনতে অৰণ্য মানৱ মানৱ হিচাপে খ্যাত যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।