ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 16, 2025 1:02 PM | Asia Cup

printer

এছিয়া কাপৰ গ্ৰুপ-বিৰ এখন খেলত শ্রীলংকাৰ হাতত হংকঙ ৪ উইকেটত পৰাস্ত

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এছিয়া কাপৰ গ্ৰুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিছাংকাই ৬৮ ৰান কৰি প্লেয়াৰ অৱ মেচ সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

আবু ধাবিৰ জায়েদ ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-এৰ আন এখন খেলত আৰৱ আমিৰি ৰাষ্ট্ৰই ওমানক ৪২ ৰানত পৰাজিত কৰে। প্ৰথমে বেটিং কৰি ইউ এ ইয়ে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিয়মত ১৭২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ওমানে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৩০ ৰানহে কৰিবলৈ সমর্থ হয়।

ইপিনে আজি নিশা ৮ বজাত আবু ধাবিত হ’বলগীয়া এখন খেলত বাংলাদেশ আফগানিস্তাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।