ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 12, 2025 12:36 PM | Asia Cup

printer

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত বাংলাদেশৰ হাতত হংকঙ ৭ উইকেটত পৰাস্ত

বাংলাদেশে যোৱা নিশা আবু ধাবিত অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত হংকঙক ৭ উইকেটত পৰাস্ত কৰি ইতিহাস ৰছনা কৰে। টি-টুৱেণ্টি প্ৰতিযোগিতাৰ ইতিহাসত হংকঙৰ বিৰুদ্ধে এয়া বাংলাদেশৰ প্ৰথম জয়। দলটোৱে ১৪৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ ৪টা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বাংলাদেশৰ হৈ অধিনায়ক লিটন দাসে ৩৯টা বলত ৫৯ ৰান কৰে। ইয়াৰ আগেয়ে হংকঙে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৪৩ ৰান সংগ্ৰহ কৰে। হংকঙৰ হৈ নিজাকট খানে ৪২ ৰান কৰে। লিটন দাসক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।