ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 29, 2025 8:08 PM | Asia Cup

printer

এচিয়া কাপ হকী প্রতিযোগিতাত চীনৰ বিৰুদ্ধে ভাৰতৰ ৪-৩ গ’লত জয়লাভ

এচিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে আজি নিজৰ প্ৰথমখন খেলত চীনক ৪-৩ গলত পৰাস্ত কৰে। ভাৰতীয় দলৰ অধিনায়ক হৰমন প্রীত সিঙৰ হেট্ৰিক গল আৰু যুগৰাজ সিঙৰ এটা গলেৰে খেলখনত ভাৰতে আধিপত্য বিস্তাৰ কৰে। চীনৰ হৈ দ্যু চিহাওৱে একমাত্ৰ গলটো কৰে। উল্লেখযোগ্য যে অহা বছৰ বেলজিয়ামত হবলগীয়া হকী বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিবলৈ এই প্ৰতিযোগিতাখনেই হৈছে ভাৰতৰ বাবে অন্তিমটো সুযোগ। হকী এচিয়া কাপত পুল-এত ভাৰত আৰু চীনৰ সৈতে জাপান আৰু কাজাখস্তানক স্থান দিয়া হৈছে। ইপিনে, পুল-বিত আছে দক্ষিণ কোৰিয়া, মালয়েছিয়া, বাংলাদেশ আৰু চাইনিজ টাইপেই। প্ৰতিটো পুলৰে শীৰ্ষ দুটা দলে ছেমিফাইনেললৈ আগবাঢ়িব। প্রতিযোগিতাৰ চূড়ান্ত খেলখন অহা ৭ ছেপ্তেম্বৰত অনুষ্ঠিত হব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।