ডাউনলোড
মোবাইল এপ

android apple
signal

August 19, 2025 8:27 PM | Asia Cup

printer

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা

অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো আজি ঘোষণা কৰা হৈছে। সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত ভাৰতৰ টেষ্ট অধিনায়ক শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় টি টুৱেণ্টি দলৰ অধিনায়ক সূৰ্য্য কুমাৰ য়াদৱে আজি মুম্বাইত দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰে। দলটোৰ বাকী সদস্যসকল হৈছে- অভিষেক শর্মা, হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, যশপ্রীত বুমৰা, জীতেশ শর্মা, শিভম ডুবে, অর্শদীপ সিং, সঞ্জু চেমচন, হৰ্ষিত ৰাণা, তিলক বার্মা, ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী আৰু কু লদীপ যাদৱ। উল্লেখযোগ্য যে প্রতিযোগিতাৰ গ্ৰুপ এত ভাৰতক পাকিস্তান, ওমান আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ সৈতে ৰখা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।