August 7, 2025 12:28 PM | Ashwini Baisnav

printer

উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৭৮ কিল’মিটাৰ ৰে’লপথ নিৰ্মাণৰ বাবে ৪১, ৬৭৬ কোটি টকা ব্যয়

চলিত বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৭৮ কিল’মিটাৰ ৰে’লপথ নিৰ্মাণৰ বাবে ৪১ হাজাৰ ৬৭৬ কোটি টকা ব্যয় কৰা হৈছে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এটা লিখিত প্ৰত্যুত্তৰত এই কথা উল্লেখ কৰে। তেওঁ কয়, যে  উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল নেটৱৰ্কৰ লাইন ক্ষমতা বৃদ্ধিৰ বাবে মুঠ ৭৭৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ ১২টা ৰে’ল প্ৰকল্পত অনুমোদন জনোৱা হৈছে। অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত বগীবিল দলং, আগৰতলা- ছাব্ৰুম নতুন লাইন আৰু লামডিং-হোজাই লাইন উল্লেখযোগ্য।  বিগত তিনিটা বছৰত উত্তৰ-পূৰ্বাঞ্চলত মুঠ এহেজাৰ ৭৯০ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথে অনুমোদন লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে ।