January 6, 2026 2:03 AM

views 11

বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে: অশ্বিনী বৈষ্ণৱ

ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয় যে বিগত বৰ্ষত এলে ৫ হাজাৰ কোটি আমেৰিকান ডলাৰ মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ৰপ্তানিৰ শীৰ্ষ তিনিটা স্থানৰ ভিতৰত বৈদ্যুতিক সামগ্রী অন্তৰ্ভুক্ত হৈছে। চলিত বৰ্ষত চাৰিটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অধীনত বাণিজ্যিক উৎপাদন আৰম্ভ হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ খণ্ডত ...

August 7, 2025 12:28 PM

views 29

উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৭৮ কিল’মিটাৰ ৰে’লপথ নিৰ্মাণৰ বাবে ৪১, ৬৭৬ কোটি টকা ব্যয়

চলিত বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৭৮ কিল’মিটাৰ ৰে’লপথ নিৰ্মাণৰ বাবে ৪১ হাজাৰ ৬৭৬ কোটি টকা ব্যয় কৰা হৈছে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এটা লিখিত প্ৰত্যুত্তৰত এই কথা উল্লেখ কৰে। তেওঁ কয়, যে  উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল নেটৱৰ্কৰ লাইন ক্ষমতা বৃদ্ধিৰ বাবে মুঠ ৭৭৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ ১২টা ৰে’ল প্ৰকল্পত অনুমোদন জনোৱা হৈছে। অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত বগীবিল দলং, আগৰতলা- ছাব্ৰুম নতুন লাইন আৰু লামডিং-হোজাই লাইন উল্লেখযোগ্য।  বিগত তিনিটা বছৰত উত্তৰ-পূৰ্বাঞ্চলত মুঠ এহেজাৰ ৭৯০ কিল’মিটাৰ দৈৰ্...

August 3, 2025 2:37 PM

views 27

ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেছনত পতাকা জোকাৰি ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুণে আৰু জববলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰে'লগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰে'লৱেৰ সম্প্ৰতি চকুত লগা পৰিৱৰ্তন হৈছে আৰু বিগত এঘাৰ বছৰত দেশত ৩৪ হাজাৰ কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। ভাৱনগৰ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয়, যে ৰে'ল সেৱাক সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি ...

July 23, 2025 9:23 PM

views 28

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছেঃ ৰে’লমন্ত্ৰী

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে সকলোবোৰ ৰে’ল ষ্টেচন আৰু যাত্ৰীবাহী ৰে'লত জীৱনদায়িনী ঔষধ থকা একোটা চিকিৎসা বাকচ, সামগ্ৰী আৰু অক্সিজেন চিলিণ্ডাৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ লগতে কয়, যে ৰোগীয়া যাত্ৰী তথা দুৰ্ঘটনাত আহত যাত্ৰীসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে ৰে'লৱে, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ এম্বুলেঞ্চস...

September 24, 2024 12:13 PM

views 24

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, তথ্য-প্ৰযুক্তি আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আজি ৰাজস্থান ভ্রমণ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, তথ্য-প্ৰযুক্তি আৰু ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৰাজস্থান ভ্রমণ কৰিব। মন্ত্ৰীগৰাকীয়ে আজি জয়পুৰত জিলাখনৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ দলৰ ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত সদস্যভর্তি অভিযানত অংশগ্রহণ কৰিব। মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত জয়পুৰৰ গান্ধীনগৰ ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ কামো পৰিদৰ্শন কৰিব। তেওঁ জয়পুৰৰ পৰা ছাৱাই মাধোপুৰ আৰু সুমেৰগঞ্জ মণ্ডিৰ পৰা দিল্লীলৈ থকা ৰে'লপথৰ পৰীক্ষণমূলক যাত্ৰাত অংশ ল'ব। তেওঁ ছাৱাই মাধোপুৰ...