বাক্সাৰ মুছলপুৰত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্রী অশোক সিংহালৰ

স্বাস্থ্য মন্ত্রী অশোক সিংহালে বাক্সাৰ মুছলপুৰত আজি ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনত থকা অভাৱ-অভিযোগৰ খতিয়ান লয়। পৰিদৰ্শনকালতে মন্ত্রী সিংহালে শেহতীয়াকৈ ৰাজ্যৰ চিকিৎসালয়সমূহত পর্যাপ্ত পৰিমাণে ঔষধৰ লগতে চিকিৎসাৰ অত্যাধুনিক সা-সৰঞ্জাম উপলব্ধ হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত শীঘ্ৰে আই চি ইউ কার্যক্ষম কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে। চিকিৎসালয়ৰ পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বাক্সা জিলা আয়ুক্তৰ সভাকক্ষত জিলা উপায়ুক্ত তথা অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত বাক্সা আৰু তামুলপুৰ জিলা দং বান্ধ কমিটিৰ সৈতে এখন পর্যালোচনা বৈঠকত ভাগ লয়। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে বিগত ৮০ বছৰে স্থানীয় লোকৰ প্ৰচেষ্টাত চলি থকা দং বান্ধৰ বাবে গৌৰৱ অনুভৱ কৰে বুলি প্ৰকাশ কৰে। দং বান্ধৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ বিষয়ে জলসিঞ্চন বিভাগে গুৰুত্ব সহকাৰে চিন্তা কৰিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে কয় । দং বান্ধৰ আদৰ্শক আন স্থানলৈ নি কৃষক তথা সাধাৰণ লোকক উপকৃত কৰিব পাৰি নেকি সেই বিষয়েও বৈঠকত আলোচনা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। একে সময়তে ৰাজ্যৰ শেহতীয়া খৰাং তথা বহু খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মতামত প্ৰকাশ কৰি কয়, যে নদীৰ গতিপথ সলনি হোৱাৰ বাবে ২০ শতাংশ জলসিঞ্চন প্রকল্পই বর্তমান বিকল হৈ আছে।।