July 16, 2025 10:11 PM
8
বাক্সাৰ মুছলপুৰত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্রী অশোক সিংহালৰ
স্বাস্থ্য মন্ত্রী অশোক সিংহালে বাক্সাৰ মুছলপুৰত আজি ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনত থকা অভাৱ-অভিযোগৰ খতিয়ান লয়। পৰিদৰ্শনকালতে মন্ত্রী সিংহালে শেহতীয়াকৈ ৰাজ্যৰ চিকিৎসালয়সমূহত পর্যাপ্ত পৰিমাণে ঔষধৰ লগতে চিকিৎসাৰ অত্যাধুনিক সা-সৰঞ্জাম উপলব্ধ হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত শীঘ্ৰে আই চি ইউ কার্যক্ষম কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰে। চিকিৎসালয়ৰ পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বাক্সা জিলা আয়ুক্তৰ সভাকক্ষত জিলা উপায়ুক্...