September 18, 2025 9:58 PM | Arjun Ram Meghwal

printer

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰকাশ কৰে। চোৰাং আৰু জাল বাণিজ্যৰ বিৰুদ্ধে আন্দোলনৰ একাদশ সংস্কৰণত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী মেঘৱালে কয়, যে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাই অংশীদাৰসকলক উল্লেখযোগ্য সকাহ দিব। গ্রয়িং ইলিচিট ট্রেড ঃ ডেষ্টাব্লিজিং ইকনমিক ৱেলফেয়াৰ শীৰ্ষক বিষয়বস্তুৰে ফিক্কিয়ে এই অনুষ্ঠানটো আয়োজন কৰিছিল। এই অনুষ্ঠানত ভাগ লৈ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব পি কে মালহোত্রাই কয়, যে অবৈধ বাণিজ্যই প্রগতিত বাধা দিয়ে আৰু খৰচ বৃদ্ধি কৰে। তেওঁ কয়, যে ২০৪৭ চনত ভাৰত ৩০ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ হ’ব বুলি যি প্ৰত্যাশা কৰা হৈছে, সেই যাত্ৰাত অবৈধ ব্যৱসায়ে অৰ্থনৈতিক বিকাশৰ গতিত বাধা জন্মাব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে।