ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 19, 2024 8:28 PM | Arjun Ram Meghwal

printer

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীত অৰ্জুন ৰাম মেঘৱালৰ অংশগ্ৰহণ

সংবিধান প্রদত্ত আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সজাগতা সৃষ্টি কৰাই বছৰজোৰা আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রকাশ কৰিছে । আজি ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে নতুন প্ৰজন্মৰ অধিকাংশই আমাৰ সংবিধানৰ খচৰা কোনে প্ৰস্তুত কৰিছিল সেই বিষয়ে অজ্ঞ বুলি দুখ প্ৰকাশ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমাৰ মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ মাজত যোগসূত্ৰ আছে বুলি উল্লেখ কৰি কয়, যে আমি সকলোৱে ৰাষ্ট্ৰৰ প্ৰতি থকা কৰ্তব্য পালন কৰিলেহে আমাৰ সাংবিধানিক অধিকাৰৰ ন্যায্যতা প্রতিপন্ন কৰিব পৰা যাব। সংবিধানৰ খচৰা প্ৰস্তুত কৰা সকলৰ ভিতৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে প্ৰতিনিধিত্ব কৰা ছৈয়দ মহম্মদ ছাদ্দুলাৰ বিষয়েও আমি অৱগত নহয় বুলি তেওঁ কয়। সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংবিধান প্ৰনয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সংবিধান সভাৰ ১৫ গৰাকী মহিলা সদস্যৰ সন্মানাৰ্থে গছপুলি ৰোপণ কৰি এই অনুষ্ঠানৰ পাতনি মেলা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।