ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ, মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ৰাজ্যৰ ৩২খন জিলাৰ ১১৬টা কেন্দ্ৰত সৰ্বমুঠ ২৩৫টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৬৭,২৯১গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে। আয়োগৰ এক বিবৃতি অনুসৰি জুলাই মাহৰ শেষ ভাগত মূল পৰীক্ষা অনুষ্ঠিত হ’ব। মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ’ব। পৰিক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।