ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক মাদকদ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস উদ্যাপন কৰা হৈছে। এইবছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে– ‘সংক্ৰমণৰ অৱসান : সকলোৰে বাবে প্ৰতিৰোধ, চিকিৎসা আৰু নিৰাময়’। বিশ্বনাথত আজি আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস উপলক্ষে জিলা আৰক্ষীয়ে পূৰ্বে জব্দ কৰা ২ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ কৰে। ডিব্ৰুগড়তো আজি এই দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগতে চকু স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তথা অসম ৰাজ্যিক নিচামুক্ত মাদকদ্রব্য নিবাৰণী পৰিষদ আৰু মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত আজি জেংৰাইমুখ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। শোণিতপুৰ জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন মাদকদ্রব্য বিৰোধী সজাগতা সভাৰ আয়োজন কৰে। মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু জাগীৰোড মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এই দিৱস উপলক্ষে বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত মাদকদ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু ইয়াৰ পৰা হ’বলগীয়া ক্ষতি, মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে অনাগত দিনত এখন নিচামুক্ত সুস্থ সমাজ গঠনৰ বাবে সকলোৱে একত্ৰিত হৈ কাম কৰিবলৈ শপত বাক্য পাঠ কৰোৱায়। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনতো আন্তৰ্জাতিক মাদক দ্রব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰা হয় ৷ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত কাৰ্যসূচী অনুসৰি সজাগতা সমদল উলিওৱা হয়। দৰং জিলা আৰক্ষীৰ উদ্যোগত মঙলদৈ থানা চৌহদৰ পৰা এই দিৱস উপলক্ষে সজাগতা সমদল উলিওৱা হয়। ইপিনে, বিশ্বনাথৰ পানীভঁৰালত থকা আৰক্ষী ছাউনীৰ চৌহদত এই দিৱসৰ লগত সংগতি ৰাখি ২ কোটিৰো অধিক টকাৰ নিচাযুক্ত সামগ্ৰী দাহ কৰা হয়। অনুষ্ঠানত বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ দেৱৰ্ষি চৌধুৰী উপস্থিত থাকে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো আজি মাদকদ্রব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ ১২ খন থানা এলেকাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত হয়। একেদৰে জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা মহাবিদ্যালয়ত এই দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যত শেহতীয়াকৈ চিৰিঙেৰে মাদকদ্ৰব্য গ্ৰহণৰ ফলত এইচ আই ভি সংক্রমণ বৃদ্ধি পোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যৰ ৯ খন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভিৰ পৰীক্ষাৰ ব্যৱস্থা আছে।
Site Admin | June 26, 2025 8:36 PM | antidrugs divash assam
ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস পালন