June 26, 2025 8:36 PM

views 24

ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক মাদকদ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস উদ্যাপন কৰা হৈছে। এইবছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে– ‘সংক্ৰমণৰ অৱসান : সকলোৰে বাবে প্ৰতিৰোধ, চিকিৎসা আৰু নিৰাময়'। বিশ্বনাথত আজি আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস উপলক্ষে জিলা আৰক্ষীয়ে পূৰ্বে জব্দ কৰা ২ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ কৰ...