ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 8, 2024 12:14 PM | Amit Shah | Assam

printer

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেইবাটাও সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যে কাইলৈ অসমত উপস্থিত হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড় সমষ্টিত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে একেদিনাই শোণিতপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আন দুখনকৈ প্ৰচাৰ সভাত ভোটাৰ ৰাইজক সম্বোধন কৰিব। ইয়াৰ পিছত তেওঁ তিনিচুকীয়াত এটা পদযাত্রাতো অংশ ল’ব।