ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 19, 2024 12:51 PM | BJP meeting

printer

অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সভাপতিত্বত মহাৰাষ্ট্ৰ বিজেপি কোৰ কমিটীৰ বৈঠক অনুষ্ঠিত

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত কালি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত মহাৰাষ্ট্ৰ বিজেপি কোৰ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, কেন্দ্রীয় মন্ত্রী ভূপেন্দ্ৰ যাদৱ, অশ্বিনী বৈষ্ণৱ, পীয়ুষ গোৱেল, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাওৰে আৰু বি.এল. সন্তোষে অংশগ্ৰহণ কৰে। পৰহি দলটোৱে ভূপেন্দ্ৰৰ যাদৱক ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী আৰু অশ্বিনী বৈষ্ণৱক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিছিল ।