ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ আমেৰিকা ভ্ৰমণ সমাপ্ত

আমেৰিকালৈ যোৱা ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ অন্তিমটো দলে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু উপ-বিদেশমন্ত্ৰী ক্রিষ্ট’ফাৰ লেণ্ডোক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ যাত্ৰাৰ সামৰণি মাৰিছে । পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ সংকল্পবদ্ধতাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত এই সর্বদলীয় প্রতিনিধি দলটো আমেৰিকালৈ গৈছিল। সন্ত্ৰাসবাদৰ সৈতে পাকিস্তানৰ যোগাযোগ থকাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ক অৱগত কৰোৱাৰ উদ্দেশ্যে সর্বদলীয় ৭টা প্রতিনিধি মণ্ডলক দায়িত্ব অর্পণ কৰি ৩৩ খন দেশৰ ৰাজধানীলৈ পঠোৱা হৈছিল। এই প্রতিনিধি মণ্ডলে ৩ জুনত আমেৰিকাৰ ৰাজধানী উপস্থিত হৈছিল আৰু তিনিদিনীয়া এই ভ্ৰমণকালত কেপিটেল হিলৰ লগতে ৱাশ্বিংটনতো কেইবাখনো বৈঠকত ভাগ লৈছিল। দলটোৱে আমেৰিকাৰ চৰকাৰী বিষয়া তথা সাংসদসকলক সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ স্থিতি সম্পৰ্কে অৱগত কৰে। উপ-ৰাষ্ট্ৰপতি ভান্স আৰু লেণ্ডোক সাক্ষাৎ কৰাৰ উপৰি ভাৰতীয় দলটোৱে হাউছ ফৰেইন এফেয়াৰ্ছ, ইণ্ডিয়া ক’কছ আৰু ছিনেট ফৰেইন ৰিলেচনছ কমিটীৰ নেতৃবৃন্দৰ সৈতেও বৈঠকত মিলিত হয়। দলটোৱে যোৱা ২৪ মে’ত নিউয়ৰ্কত উপস্থিত হোৱাৰ পাছত গায়ানা, পানামা, ক’লম্বিয়া আৰু ব্ৰাজিল ভ্ৰমণ কৰাৰ পাছত অন্তিম পৰ্যায়ত ৱাশ্বিংটনত উপস্থিত হয়।

অধিক পঢ়ক

সকলো চাওক