আজি আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা আলাবৈ ৰণ স্মৃতি সৌধৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে স্মৃতি তৰ্পণৰ পাছত এখন সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত, কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জার্নেলিষ্ট ফ’ৰামৰ সহযোগত দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা আলাবৈ পাহাৰ দাঁতিত পতাকা উত্তোলন আৰু আলাবৈ ৰণৰ ১০ হাজাৰ ছহিদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। ইপিনে, আজি সন্ধিয়া ঐতিহাসিক আলাবৈ ৰণস্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰায় ১৫৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্মৃতি সৌধ প্ৰকল্পৰ সমীপত আলাবৈ ৰণৰ ছহিদসকলৰ স্মৃতিত ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰা হব|
উল্লেখযোগ্য যে ১৬৬৯ চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত আলাবৈৰ ৰণত অসমৰ ১০ হাজাৰ সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণ স্মৃতি দিৱস পালন কৰি অহা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সাহস আৰু দেশভক্তিৰ অনুপম নিদর্শনেৰে মোগলৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া অসমৰ বীৰ আহোম সৈন্যসকলৰ পৱিত্ৰ স্মৃতিত নিৰ্মাণ কৰা আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰই অসমীয়া সৈন্যৰ আত্মত্যাগ আৰু বীৰত্বৰ গাথাঁক চিৰস্মৰণীয় কৰি ৰাখিব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰে।