গুৱাহাটী মহানগৰীৰ আমবাৰীত অৱস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি বর্ধিত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ দলৰ ভালেকেইগৰাকী কৰ্মীয়ে এই সভাত অংশ লয়। অনাগত পঞ্চায়ত নির্বাচন, স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দর্ভত বৈঠকত আলোচনা কৰা হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াই অগপৰ কার্যালয়ত উপস্থিত হৈ দলীয় নেতাকর্মীসকলৰ সৈতে সৌজন্যমূলক আলোচনাত মিলিত হয়। ভাষণ প্রসংগত তেওঁ অগপৰ সৈতে ভৱিষ্যতেও শাসকীয় দলটোৰ মিত্ৰতা অব্যাহত থাকিব বুলি তেওঁ প্রকাশ কৰে।
অতুল বৰাই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত জনসংযোগ বৃদ্ধিৰ বাবে নিষ্ঠাৰে তৃণমূল পর্যায়ত ব্যাপক ৰূপত সাংগঠনিক কাম-কাজ আগুৱাই নিবলৈ বৈঠকত আহ্বান জনায়। কেশৱ মহন্তৰ অধ্যক্ষতাত স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে এখন সমিতি গঠন কৰাৰ লগতে দলটোৰ সাংগঠনিক ভেটি সূদৃঢ় কৰাৰ লক্ষ্যৰে ভালেকেইটা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি অতুল বৰাই প্রকাশ কৰে। বৈঠকত নিৰ্বাচনৰ সময়ত তৃণমূল কর্মীসকলৰ কাৰ্যপন্থা সন্দর্ভতো আলোচনা কৰা হয়।