October 14, 2025 7:57 PM

views 64

অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস আজি উদযাপন

অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। আজি গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত আয়োজিত প্রতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচীত দলটোৰ সভাপতি তথা মন্ত্রী অতুল বৰাই পতাকা উত্তোলন কৰে। ৰাজ্যৰ খিলঞ্জীয়া, জাতি, জনগোষ্ঠীসমূহৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সুৰক্ষাৰ বাবে অগপই পৰিকল্পিতভাৱে কাম কৰি যাব বুলি সভাপতি অতুল বৰাই প্রকাশ কৰে। জনসাধাৰণৰ হিতার্থে প্ৰতিপল কাম কৰি যোৱাটোৱেই দলটোৰ মূল লক্ষ্য বুলি তেওঁ কয়। অসম আন্দোলনৰ ছহিদসকলৰ ত্যাগ আৰু বীৰত্বক অনুষ্ঠানত শ্রদ্...

August 20, 2025 11:37 AM

views 58

বিটিচি নির্বাচনত জয়লাভৰ সম্ভাৱনা থকাসকলক প্রার্থিত্ব দিয়াৰ প্ৰস্তাৱ অসম গণ পৰিষদৰ

জয়লাভৰ সম্ভাৱনা থকা প্রার্থীক বি টি চি নির্বাচনত প্রার্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰে। গুৱাহাটীৰ আমবাৰীত কালি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ দলৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। তদুপৰি ২৯ আগষ্টত গুৱাহাটীত এন ডি এয়ে আয়োজন কৰা পঞ্চায়ত সন্মিলন সফল কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। এই সভাত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে ২৯ ছেপ্তেম...

August 6, 2025 8:04 PM

views 51

অসম গণ পৰিষদ দল বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব : অতুল বৰা

অসম গণ পৰিষদ দলে বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দলটোৱে এইবাৰ একাংশ সমষ্টিত প্রার্থী দিব। অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি গোলাঘাটত এই কথা প্রকাশ কৰে। অসম নাগালেণ্ড সীমান্তৰ নেঘ্ৰেীবিলৰ উচ্ছেদিত ভূমি নগাই নিজৰ বুলি কৰা দাবী সন্দৰ্ভত শ্ৰীবৰাই কয় যে দুয়োখন ৰাজ্যৰ আলোচনাৰ মাজেৰে এই সমস্যা সমাধান কৰা হ'ব।

March 8, 2025 7:43 PM

views 38

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি বর্ধিত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত

গুৱাহাটী মহানগৰীৰ আমবাৰীত অৱস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি বর্ধিত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ দলৰ ভালেকেইগৰাকী কৰ্মীয়ে এই সভাত অংশ লয়। অনাগত পঞ্চায়ত নির্বাচন, স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দর্ভত বৈঠকত আলোচনা কৰা হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াই অগপৰ কার্যালয়ত উপস্থিত হৈ দলীয় নেতাকর্মীসকলৰ সৈতে সৌজন্যমূলক আলোচনাত মিলিত হয়। ভাষণ প্রসংগত তেওঁ অগপৰ সৈতে ভৱিষ্যতেও শাসকীয় দলটোৰ মিত্ৰতা অব্যাহ...