আকাশবাণীৰ বাতৰি সেৱা বিভাগে যোৱা ৯ মে’ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী কাইলৈৰ পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হ’ব। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীয়ে ইয়াৰ প্ৰতিঘণ্টাই প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰিৰ সময়সূচী ৫ মিনিটৰ পৰা ১০ মিনিটলৈ বৃদ্ধি কৰিছিল। সেই অনুসৰি আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰিৰ সময়সূচীৰো সালসলনি ঘটোৱা হৈছিল। কাইলৈৰ পৰা পুৱাৰ আঞ্চলিক বাতৰি পূৰ্বৰ সময় ৯ বজাত আৰু নিশাৰ আঞ্চলিক বাতৰি নিৰ্ধাৰিত সময় ৯ বাজি ২৫ মিনিটতেই প্ৰচাৰিত হ’ব। দিনৰ ১১ বজা, বিয়লি ৩ বজা আৰু নিশা ৮ বজাৰ মুখ্য বাতৰিও সেইদিনাৰ পৰা নিয়মীয়া সময় অনুসৰি প্ৰচাৰিত হ’ব।
Site Admin | May 13, 2025 8:26 PM | air news bulletin new
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী কাইলৈৰ পুৱাৰ পৰা পুনৰ স্বাভাৱিক হ’ব
