নতুন দিল্লীত এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিঙৰ ভাৰতীয় বিমান বাহিনীৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ

এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিঙে আজি নতুন দিল্লীত ভাৰতীয় বিমান বাহিনীৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এয়াৰমাৰ্শ্বেল অমৰপ্ৰীত সিঙে ১৯৮৪ চনত ভাৰতীয় বিমান বাহিনীত যুঁজাৰু পাইলট হিচাপে যোগদান কৰিছিল। ৪০ বছৰীয়া তেওঁৰ সুদীৰ্ঘ কাৰ্যকালত বিভিন্ন দায়িত্ব তেওঁ সুচাৰুৰূপে পালন কৰিছিল। নেচনেল ডিফেন্স একাডেমী, ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ আৰু নেচনেল ডিফেন্স কলেজৰ পৰা সুকলমে উত্তীৰ্ণ হোৱা এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিঙে উৰণ প্ৰশিক্ষক হিচাপে বিবেচিত হোৱাৰ লগতে পৰীক্ষণ পাইলট হিচাপে ৫ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰিছে। তেওঁ ৰাষ্ট্ৰীয় বিমান পৰীক্ষণ কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক হিচাপে লঘু যুঁজাৰু বিমান তেজছৰ পৰীক্ষণ কৰিছে। এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিং আজি কাৰ্যকাল শেষ হোৱা এয়াৰ চীফ মার্শ্বেল ভি আৰ চৌধাৰীৰ স্থলাভিষিক্ত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।