ডাউনলোড
মোবাইল এপ

android apple
signal

অপাৰেচন সিন্দূৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ বাবে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ ব্যৱস্থা

অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে আজিৰে পৰা বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিবলৈ লৈছে। আজিৰ বুলেটিনত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন মুহিকান্ত দাসৰ বীৰগাথা প্ৰচাৰ কৰা হয়। জম্মু-কাশ্মীৰত নিয়োজিত দাস আৰু তেওঁৰ সহযোদ্ধাসকলে কিদৰে পাকিস্তানী বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল সেই কথাৰ লগতে অপাৰেচন সিন্দূৰ সন্দৰ্ভত কেপ্তেইন মুহিকান্ত দাসে প্ৰকাশ কৰে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰ বাতৰি বিভাগে পৰহিলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত আৰু ১৮ মে’ৰ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাতো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰিব ।

অধিক পঢ়ক

সকলো চাওক