May 15, 2025 8:55 PM

views 13

অপাৰেচন সিন্দূৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ বাবে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ ব্যৱস্থা

অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে আজিৰে পৰা বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিবলৈ লৈছে। আজিৰ বুলেটিনত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ অৱসৰপ্ৰ...