আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত কুইজ প্রতিযোগিতা

দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰে। পৰিচ্ছন্নতাৰ বিষয়ত ছাত্ৰীসকলক সজাগ-সচেতন কৰি তোলাৰ লগতে নৱপ্ৰজন্মৰ মাজত আকাশবাণীৰ জনপ্ৰিয়তাক বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্রতিযোগিতাত লীনা বৈশ্য আৰু কৃষ্ণাস্মীতা কাশ্যপে প্রথম, লিমন শৰ্মা আৰু বৰ্ষা কৈৱৰ্তই দ্বিতীয় আৰু চয়নিকা বৰুৱা আৰু প্ৰিয়ংকা কলিতাই তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাত ১৮টা দলে অংশগ্ৰহণ কৰে। বিজয়ী প্রতিযোগীসকলক একোটাকৈ ৰেডিঅ’ ছেট আৰু মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ গার্গী চক্ৰৱৰ্তীয়ে আকাশবাণীৰ অনুষ্ঠান শুনাৰ আনন্দৰ বিষয়ে উল্লেখ কৰাৰ লগতে স্মৃতি ৰোমন্থন কৰে। তেওঁ আকাশবাণীয়ে মহাবিদ্যালয়খনত এই অনুষ্ঠান আয়োজন কৰা পদক্ষেপক প্ৰশংসা কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।