জয়লাভৰ সম্ভাৱনা থকা প্রার্থীক বি টি চি নির্বাচনত প্রার্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰে। গুৱাহাটীৰ আমবাৰীত কালি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ দলৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। তদুপৰি ২৯ আগষ্টত গুৱাহাটীত এন ডি এয়ে আয়োজন কৰা পঞ্চায়ত সন্মিলন সফল কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। এই সভাত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে ২৯ ছেপ্তেম্বৰৰ পূৰ্বে প্ৰয়োজনীয় কাম-কাজ সম্পন্ন কৰিবলৈ দলৰ জিলা, সমষ্টি আৰু পঞ্চায়ত সমিতিসমূহক দলে আহ্বান জনায়। দলৰ সভাপতিগৰাকীৰ লগতে বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অগপৰ কৰ্মীসকলে সক্রিয়ভাৱে চলাই আছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে বিটিআৰ নিৰ্বাচনৰ বাবে অগপই গঠন কৰা সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত দলে প্রার্থিত্ব প্ৰদান কৰিব। কালিৰ সভাত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু ভাতৃ-ভগ্নী সংগঠনৰ সদস্যসকল উপস্থিত থাকে।
Site Admin | August 20, 2025 11:37 AM | AGP meeting
বিটিচি নির্বাচনত জয়লাভৰ সম্ভাৱনা থকাসকলক প্রার্থিত্ব দিয়াৰ প্ৰস্তাৱ অসম গণ পৰিষদৰ
