অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। আজি গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত আয়োজিত প্রতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচীত দলটোৰ সভাপতি তথা মন্ত্রী অতুল বৰাই পতাকা উত্তোলন কৰে। ৰাজ্যৰ খিলঞ্জীয়া, জাতি, জনগোষ্ঠীসমূহৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সুৰক্ষাৰ বাবে অগপই পৰিকল্পিতভাৱে কাম কৰি যাব বুলি সভাপতি অতুল বৰাই প্রকাশ কৰে। জনসাধাৰণৰ হিতার্থে প্ৰতিপল কাম কৰি যোৱাটোৱেই দলটোৰ মূল লক্ষ্য বুলি তেওঁ কয়। অসম আন্দোলনৰ ছহিদসকলৰ ত্যাগ আৰু বীৰত্বক অনুষ্ঠানত শ্রদ্ধা জনোৱাৰ লগতে দলটোৰ প্ৰয়াত কর্মীসকলকো সোঁৱৰণ কৰা হয়। প্রাক্তন মুখ্যমন্ত্রী অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্রফুল্ল কুমাৰ মহন্তই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রয়াত শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধা জনাই অগপৰ নেতা-কর্মীসকলে ন্যায় কামনা কৰে।
ধেমাজিৰ বিষ্ণুপুৰতো জিলা সমিতিৰ উদ্যোগত অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন, ছহিদ তর্পণৰ লগতে মুকলি সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত প্রায় ৪০ গৰাকী বয়োজ্যেষ্ঠ অগপ নেতাক নামঘোষা, চেলেং চাদৰ আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
বজালী জিলাৰ পাঠশালাতো দলটোৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হয়। এই দিৱসৰ কাৰ্যসূচীৰ অংশস্বৰূপে পতাকা উত্তোলনৰ পাছত অনুষ্ঠিত সাধাৰণ সভাত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয়।