ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী-বিষয়াসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ফলত এডভাণ্টেজ আছামত বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ অংশগ্ৰহণ

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী-বিষয়াসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ফলত সদ্যসমাপ্ত দ্বিতীয় এডভাণ্টেজ আছামত বহুকেইখন বিদেশী ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি এখন সংবাদমেলত জানিবলৈ দিছে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে জাপান, মালয়েছিয়া, কোৰিয়া, ছিংগাপুৰ, থাইলেণ্ড, গ্রেট ব্ৰিটেইন আৰু সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ মুখ্য অংশীদাৰসকলৰ সৈতে ১৮০ খনতকৈও অধিক বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ ফলত এই শীৰ্ষ সন্মিলনত এহেজাৰ ১০০ ৰো অধিক আন্তঃৰাষ্ট্রীয় প্রতিনিধিয়ে অংশ লৈ ৰাজ্যৰ উদ্যোগ আৰু উদ্ভাৱন ক্ষেত্ৰত বিনিয়োগৰ প্ৰতিশ্রুতি দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে কালিৰ সংবাদমেলত অৱগত কৰে। ৰাজ্যত প্ৰথমবাৰৰ বাবে বিদেশী বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত ৰাজ্যৰ ঔদ্যোগীক খণ্ডত ৪১০ কোটি টকা, পশুপালন খণ্ডত ৩০০ কোটি টকা আন্তর্জাতিক গোটে বিনিয়োগ কৰিছে বুলি সদৰি কৰে। অসমে সৰ্বমুঠ লাভ কৰা প্ৰায় ৫ লাখ কোটি টকা মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱৰ পৰা ২ লাখৰো অধিক নিয়োগৰ সৃষ্টি হ’ব বুলি ড° শৰ্মাই আশা প্রকাশ কৰিছে। সন্মিলনখনত প্ৰাপ্ত প্ৰস্তাৱসমূহৰ প্ৰকৃত ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে এটা শক্তিশালী ট্রেকিং প্ৰণালীৰ ব্যৱস্থা কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এডভান্টেজ আছাম বিনিয়োগ সন্মিলনে ৰাজ্যত এটা নতুন কৰ্ম বিপ্লৱৰ সূচনা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মহিলা উদ্যমীসকলৰ কাৰণেও এই সন্মিলনে বিশেষ সুবিধা সৃষ্টি কৰিছে বুলি দাবী কৰে। অসমৰ ৪০ লাখ মহিলা উদ্যমীক উদ্ভাৱন আৰু উৎপাদন খণ্ডত আগবঢ়োৱা সহায়ৰ ভিত্তিত মহিলা সৱলীকৰণ আৰু উন্নয়নৰ ক্ষেত্ৰত এই সন্মিলনে বিশেষ ভূমিকা পালন কৰিছে বুলি ড° শৰ্মাই প্ৰকাশ কৰে। আজি পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থকা এডভাণ্টেজ আছামৰ প্ৰদৰ্শনীখনৰ কথা উল্লেখ কৰি তেওঁ কয়, যে এই প্রদর্শনীত ২০০ ৰো অধিক বিপণীৰ জৰিয়তে ৰাজ্যৰ বিকাশ আৰু উদ্ভাৱনৰ অনন্য দিশসমূহ প্ৰদৰ্শন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক