ডাউনলোড
মোবাইল এপ

android apple
signal

জৌলাও স্বৌমব্লা বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু তিথি আজি সন্ত্রাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন

উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা- এবছুৰ প্ৰাক্তন সভাপতি জৌলাও স্বৌমব্লা বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু তিথি আজি সন্ত্রাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন কৰা হয়। গয়াবাৰীত থকা ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এবছুৰ পতাকা অর্থ উত্তোলন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে অনুষ্ঠানটো আৰম্ভ কৰে। প্ৰয়াত ছাত্ৰ নেতাজনৰ সহধর্মী ভানুমতি বসুমতাৰীয়ে ইয়াৰ পাছত সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তর্পণ কৰে। সন্ত্রাসবাদ বিৰোধী দিৱস উপলক্ষে আমন্ত্রিত অতিথি আৰু সমবেত ব্যক্তিসকলে গণস্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে মানৱ শৃংখল গঠন কৰি শান্তিৰ প্ৰতীক বগা পাৰ চৰাই আৰু বগা বেলুন উৰুৱাই আজিৰ অনুষ্ঠানত সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ১৯৯৬ চনৰ আজিৰ দিনটোতে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী হাতীমাথা গাঁৱত সশস্ত্ৰ উগ্ৰপন্থীয়ে এবছুৰ তদানীন্তন সভাপতিজনক গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পাছৰে পৰা এবছুৱে কেন্দ্ৰীয়ভাৱে আজিৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো আৰু বিধায়ক লৰেন্স ইছলাৰীসহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক