ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ ব্যাপক প্রস্তুতি

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক কার্যসূচী সাধাৰণ সভাৰ ব্যাপক প্রস্তুতি চলিছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত জিলাখনত চলিত মাহৰ ২৭ আৰু ২৮ তাৰিখে এই সাধাৰণ সভা অনুষ্ঠিত হ’ব। সভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধি আৰু অতিথিসকলক অসমীয়া জলপানৰ সোৱাদ দিয়াৰ বাবে শিৱসাগৰবাসী মহিলাসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধি আৰু ৰাইজৰ অংশগ্রহণেৰে অনুষ্ঠিত হ’বলগীয়া এই সাধাৰণ সভাখন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ইতিমধ্যে হাজাৰৰো অধিক ব্যক্তিক সামৰি এখন সমিতি গঠন কৰা হৈছে ।