January 28, 2025 8:29 PM

views 21

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিন

শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিনা তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰা লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াই উদ্বোধন কৰে। পুৱাৰ ভাগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাকে ধৰি ছাত্ৰ সন্থাৰ সদস্যসকলে পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰাণ আহুতি কৃষক ছহিদসকলক সুঁৱৰি ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত সন্থাৰ সাধাৰণ সভা উপলক্ষে প্রক...

January 21, 2025 6:55 PM

views 28

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ ব্যাপক প্রস্তুতি

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক কার্যসূচী সাধাৰণ সভাৰ ব্যাপক প্রস্তুতি চলিছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত জিলাখনত চলিত মাহৰ ২৭ আৰু ২৮ তাৰিখে এই সাধাৰণ সভা অনুষ্ঠিত হ'ব। সভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধি আৰু অতিথিসকলক অসমীয়া জলপানৰ সোৱাদ দিয়াৰ বাবে শিৱসাগৰবাসী মহিলাসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধি আৰু ৰাইজৰ অংশগ্রহণেৰে অনুষ্ঠিত হ'বলগীয়া এই সাধাৰণ সভাখন নিয়াৰিকৈ পৰিচালনা কৰাৰ...

December 9, 2024 7:34 PM

views 32

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা আজি শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত স্থাপন কৰা হয়। গায়ন-বায়ন, বিহু, সর্বধর্ম প্রার্থনা, মহিলাৰ দিহানামৰ মাজেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাইখুঁটা স্থাপন কৰে। উল্লেখযোগ্য যে অহা ২৭ আৰু ২৮ জানুৱাৰীত সংগঠনটোৰ দ্বিতীয় সর্ববৃহৎ সাংগঠনিক সাধাৰণ সভাখন অনুষ্ঠিত হ'ব।