ৰাজ্যৰ পৰা মৌলবাদী, অবৈধ বাংলাদেশীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি অনশন কাৰ্য্যসূচী গ্ৰহণ কৰে। ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সন্থাটোৰ নেতৃবৰ্গই প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লয় আৰু অবৈধ বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। অনশন স্থলীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, যে অনুপ্ৰৱেশ ৰোধৰ স্বাৰ্থত ভাৰত- বাংলাদেশ সীমান্ত শীঘ্ৰে চীল কৰাটো প্ৰয়োজন।
গোৱালপাৰাতো অবৈধ বিদেশী প্রব্রজন সমস্যা সমাধানৰ দাবীত আজি জিলা ছাত্ৰ সন্থাই ১১ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে।
হোজাইত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভাৰত-বাংলাদেশ সীমান্ত চীল কৰা, কা আইনৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে নিলগত ৰখা আৰু অসম চুক্তিৰ ৬ নম্বৰ দফা সম্পৰ্কীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ ৰূপায়ণৰ দাবীত আজি পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ অনশন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে, কেন্দ্রীয় চৰকাৰে অলপতে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বাবে ২০২৪ চনৰ ৩ ডিচেম্বৰ পৰ্যন্ত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা বৃদ্ধি কৰিছে।