September 16, 2025 7:49 PM

views 33

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি ভিন্ন দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংগঠনটোৰ সদস্য আৰু সমৰ্থকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমৰ বাহিৰত ৰখা, অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ত ৰূপায়ণ কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। মৰিগাঁও জিলা ছাত্ৰ সন্থায়ো আজি মৰিগাঁও চহৰত অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী স...

September 4, 2025 6:59 PM

views 40

ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ অনশন কাৰ্য্যসূচী গ্ৰহণ

ৰাজ্যৰ পৰা মৌলবাদী, অবৈধ বাংলাদেশীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি অনশন কাৰ্য্যসূচী গ্ৰহণ কৰে। ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সন্থাটোৰ নেতৃবৰ্গই প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লয় আৰু অবৈধ বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। অনশন স্থলীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, যে অনুপ্ৰৱেশ ৰোধৰ স্বাৰ্থত ভাৰত- বাংলাদে...

August 8, 2025 8:09 PM

views 26

বিদেশী ন্যায়াধীকৰণত ছটা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তত আছুৰ প্ৰতিবাদ

বিদেশী ন্যায়াধীকৰণত ছটা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদ জনাই আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী ৰূপায়ন কৰে। মৰিগাওঁ জিলা ছাত্ৰ সন্থাই আজি মৰিগাঁও চহৰত এই কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ  বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদী সমদল উলিয়াই শ্লোগান দিয়ে। ডিব্ৰুগড় জিলাতো আজি সংগঠনটোৰ আহ্বানমৰ্মে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বত ডিব্ৰুগড...