January 31, 2025 8:30 PM | AAP

printer

যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল অৰবিন্দ কেজৰিৱালৰ

আপৰ নেতা অৰবিন্দ কেজৰিৱালে আজি যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল কৰে। উল্লেখযোগ্য আপৰ নেতাগৰাকীয়ে যমুনা নৈৰ পানীত বিহ ঢলা সন্দৰ্ভত কৰা পূৰ্বৰ মন্তব্যৰ ব্যাখ্যা বিচাৰি নির্বাচন আয়োগে শ্রীকেজৰিৱাললৈ জাননী জাৰি কৰিছিল। শ্রীকেজৰিৱালে তেওঁৰ পূৰ্বৰ মন্তব্য সন্দৰ্ভত দাখিল কৰা উত্তৰত যমুনা নৈত বৃদ্ধি হোৱা এমনিয়াৰ ফলত পানী প্ৰদূষিত হোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰে। পৰিবেশ সংকটৰ এই সময়ছোৱাত তেওঁ কৰা মন্তব্যৰ আঁৰত কোনো অসৎ উদ্দেশ্য নাছিল বুলি আয়োগত দাখিল কৰা উত্তৰত শ্রীকেজৰিৱালে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।