বিটিআৰ চুক্তি ৰূপায়ণ সম্পর্কত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ ত্রিপাক্ষিক বৈঠক

২০২০ চনত স্বাক্ষৰিত বি টি আৰ চুক্তি ৰূপায়ণ সম্পর্কত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰ কৰা সংগঠনকেইটাৰ প্ৰতিনিধিবর্গৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূবৰ বাবে থকা যুটীয়া সচিব নিৰজ কুমাৰ বান্‌ছোড়ৰ অধ্যক্ষতাত নতুন দিল্লীৰ নর্থ-ব্লকত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰণালয়ৰ উপ-সচিব এন আৰ মিন্‌ছ, অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব পার্থ মজুমদাৰ, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেন নাথ আৰু বিটিচিৰ প্ৰধান সচিব আকাশদীপে চৰকাৰী পক্ষৰ হৈ অংশগ্ৰহণ কৰে। নিখিল বড়ো ছাত্ৰ সন্থা, প্রাক্তন এন ডি এফ বি আৰু ইউনাইটেড বড়ো পিপল্‌ছ অর্গেনাইজেচনক প্রতিনিধিত্ব কৰা ১০গৰাকী সদস্যই আজিৰ বৈঠকত অংশগ্ৰহণ কৰে। আজিৰ বৈঠকত শোণিতপুৰ, বিশ্বনাথ আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ বড়ো বসতিপ্রধান অঞ্চলসমূহলৈ বিটিআৰৰ সম্প্ৰসাৰণ, বিটিআৰলৈ অধিক স্বায়ত্তশাসন আৰু ক্ষমতা হস্তান্তৰ কৰিব বিচৰা ১২৫সংখ্যক সংবিধান সংশোধনী বিধেয়কৰ পাৰিতকৰণ আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্রদানকে ধৰি কেইবাটাও বিষয় আলোচনা কৰা হয়। আলোচনাত অংশগ্ৰহণ কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োকে ধৰি প্ৰতিনিধিসকলে এই বৈঠকক ইতিবাচক আৰু গঠনমূলক বুলি অভিহিত কৰে।