ৰাজ্যৰ বিভিন্ন জিলাত আজি উলহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তিনিচুকীয়াত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী বিমল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নগাঁও চহৰৰ ঐতিহ্য মণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। নলবাৰী জিলাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিৰংগ পতাকা উত্তোলন কৰি কুচ-কুৱাজৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দক্ষিণ শালমাৰা মানকাচৰ, অতুল বৰাই যোৰহাট, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ, যোগেন মহনে চৰাইদেউ, অজন্তা নেওগে শিৱসাগৰ, পীযুষ হাজৰিকাই মৰিগাঁও, প্রশান্ত ফুকনে ডিব্ৰুগড়, নন্দিতা গালোচাই বঙাইগাঁও, কৃষ্ণেন্দু পালে শ্ৰীভূমি আৰু কৌশিক ৰায়ে শিলচৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰে। একেদৰে ৰূপেশ গোৱালাই লখিমপুৰ, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। দৰং জিলাৰ মঙলদৈত আজি চৰকাৰী কাৰ্যসূচীৰ লগতে বিভিন্ন বে-চৰকাৰী অনুষ্ঠানেও স্বাধীনতা দিৱস উদযাপন কৰে। বে-চৰকাৰী সংস্থা ক্ৰিষ্টেল ভিজনৰ দ্বাৰা দিৱস উদযাপন কৰা হয়। ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলা প্ৰশাসনেও এই দিৱসৰ আয়োজন কৰে। একেদৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত আৰু বৰপেটাত জিলা আয়ুক্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
আকাশবাণী গুৱাহাটীৰ চৌহদতো আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰব্বী অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালক প্ৰধান ৱালিউল্লা খানে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে।