August 15, 2025 12:30 PM

views 11

ৰাজ্যত আজি উলহ-মালহেৰে স্বাধীনতা দিৱস পালন

ৰাজ্যৰ বিভিন্ন জিলাত আজি উলহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তিনিচুকীয়াত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী বিমল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নগাঁও চহৰৰ ঐতিহ্য মণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। নলবাৰী জিলাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিৰংগ পতাকা উত্তোলন কৰি কুচ-কুৱাজৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰী ৰণজিৎ‍ কুমাৰ...