ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৭ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে অহা ৭ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খনকৈ, গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, মধ্যপ্ৰদেশৰ ৮, ছত্তিশগড়ৰ ৭, বিহাৰৰ ৫, গোৱা আৰু দাদ্ৰা আৰু নগৰহাৱেলি তথা দমন আৰু ডিউৰ দুখনকৈ আৰু জম্মু-কাশ্মীৰত এখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিৰ স্থগিত ৰখা নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া বেতুল সংসদীয় সমষ্টিৰ নিৰ্বাচন বহুজন সমাজ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ্গৰাকীৰ মৃত্যুৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল। অসমত এই পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে ১৯ এপ্রিল মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২২ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন হ’ব।