ডাউনলোড
মোবাইল এপ

android apple
signal

চত্তিশগড়ৰ বিজাপুৰত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ২২জন মাওবাদী নিহত

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও ২২ জন মাওবাদী নিহত হয় । তেলেংগানাৰ সীমান্তৱৰ্তী বিজাপুৰ জিলাৰ কৰগুটা পাৰ্বত্য এলেকাত ভালেসংখ্যক মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে দুসপ্তাহ ধৰি অঞ্চলটোত অভিযান চলায়। অভিযানৰ সময়ত কালি নিচেই পুৱা সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত হয়। বৰ্তমানলৈকে সংঘৰ্ষস্থলীৰ পৰা ২২টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এই অভিযানৰ সময়ত মাওবাদীৰ ৪ গৰাকী মহিলা সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াকে লৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, ৰাজ্যিক আৰক্ষী, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কার্যবাহিনীয়ে চলোৱা এই অভিযানত বৰ্তমানলৈকে মুঠ ২৬ জন মাওবাদী নিহত হৈছে।