অহা বছৰৰ জানুৱাৰীলৈ ৮০খন নতুন চাহ বাগিচা আদর্শ বিদ্যালয় উদ্বোধনৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ১১৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু ৫৭খন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ আদৰ্শ বিদ্যালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বৈঠকত এই বিদ্যালয়সমূহৰ পাঠদান পদ্ধতি, শৈক্ষিক ফলাফল, কার্যক্ষমতাকে ধৰি শৈক্ষিক দিশত প্ৰভাৱ পেলোৱা আৰ্থ-সামাজিক কাৰণসমূহৰ মূল্যায়ন কৰা হয়। ড০ শৰ্মাই এই বিদ্যালয়সমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে প্রধান শিক্ষকসকলৰ সৈতে আলোচনা কৰি ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে পৰিকল্পনাৰ কথা উল্লেখ কৰে। তেওঁ লগতে অহা বছৰৰ জানুৱাৰীলৈ ৮০খন নতুন চাহ বাগিচা আদর্শ বিদ্যালয় উদ্বোধনৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে। বৈঠকত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকে। শিক্ষামন্ত্রী ডাঃ পেগুৱে শিক্ষার্থীকেন্দ্রিক এই পর্যালোচনাই বিশেষকৈ প্ৰান্তীয় সম্প্ৰদায় আৰু দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুণগত মানৰ বিদ্যালয় শিক্ষা লাভ কৰাটো সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।