July 10, 2025 10:39 PM

views 12

অহা বছৰৰ জানুৱাৰীলৈ ৮০খন নতুন চাহ বাগিচা আদর্শ বিদ্যালয় উদ্বোধনৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ১১৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু ৫৭খন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ আদৰ্শ বিদ্যালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বৈঠকত এই বিদ্যালয়সমূহৰ পাঠদান পদ্ধতি, শৈক্ষিক ফলাফল, কার্যক্ষমতাকে ধৰি শৈক্ষিক দিশত প্ৰভাৱ পেলোৱা আৰ্থ-সামাজিক কাৰণসমূহৰ মূল্যায়ন কৰা হয়। ড০ ...