February 3, 2025 12:34 PM

views 21

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে লাভ কৰিব ৪৪,৪৯৪ কোটি টকা

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে মুঠ ৪৪ হাজাৰ ৪৯৪ কোটি টকা লাভ কৰিব। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কৰৰ অংশ হিচাপে ৪০ হাজাৰ ২৫৩ কোটি টকা অসমক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই হিচাপত অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ৪ হাজাৰ ২৪০ কোটি টকা বেছিক...

February 3, 2025 12:32 PM

views 21

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি তুংগত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী থকা অৱস্থাত আয়োজক সমিতিৰ প্ৰস্তুতি তুংগত উঠিছে। এইবাৰৰ অধিৱেশন যোৰহাটৰ ম'হবন্ধাৰ এৰালতলী পথাৰত অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা হৈছে। জাতি, ধৰ্ম, বর্ণ নির্বিশেষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰি কাষৰীয়া জিলাসমূহ...

February 3, 2025 12:29 PM

views 48

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি কৰ্কট ৰোগ সজাগতাঃ প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত কৰ্কট ৰোগ সজাগতা : প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত ডাঃ দদুল মণ্ডলৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চি...

February 3, 2025 12:27 PM

views 18

সাঁচিপতীয়া পুথিসমূহ ডিজিটেল প্লেটফৰ্মত সংৰক্ষণৰ ব্যৱস্থা

অসমৰ সত্ৰসমূহত বা ব্যক্তিগত বাসস্থানত থকা সাঁচিপতীয়া পুথিসমূহ স্কেন কৰি পৰৱৰ্তী সময়ত প্ৰযুক্তিৰ সহায়েৰে ইউনিকোডত লিপিবদ্ধ কৰি মুক্ত উৎসৰ ডিজিটেল প্লেটফৰ্মত সংৰক্ষণ কৰা হ'ব। এই উদ্দেশ্যে কালি কলিয়াবৰত এটা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সাঁচিপতীয়া পুথিৰ ডিজিটাইজেচন আৰু নথিভুক্ত কৰাৰ বাবে অসমীয়া...

February 3, 2025 12:26 PM

views 16

চেন্নাইত নতুন বড়োলেণ্ড অতিথিশালা মুকলি

চেন্নাইত কালি বড়োলেণ্ড বিধানসভা পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে নতুন বড়োলেণ্ড অতিথিশালা এটা মুকলি কৰে। এই অনুষ্ঠানত উপাধ্যক্ষ অভিৰাম মহানায়কৰ লগতে বহুকেইগৰাকী কাৰ্যকৰী সদস্য উপস্থিত আছিল।

February 3, 2025 12:24 PM

views 11

ৰাষ্ট্ৰীয় ক্রীড়াত এতিয়ালৈ অসমৰ ১৩টা পদক লাভ

ৰাষ্ট্ৰীয় ক্রীড়াত এই পর্যন্ত ১৩টা পদক লাভ কৰি অসমে জয়যাত্রা অক্ষুন্ন ৰাখিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কেইবাটাও শিতানত অসমে প্রতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙৰ ৫১ কিলোগ্রাম তলৰ শাখাত গৌৰৱ মজুমদাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ লন বলত অসম উত্তৰাখণ্ডৰ মুখামুখি হোৱাৰ লগতে মহিলা শাখাত অসম-দিল্লী মুখাম...

February 3, 2025 12:22 PM

views 13

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানত জয় ভাৰতৰ

যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানৰ ব্যৱধানত ভাৰতে জয়লাভ কৰে। এই জয়ৰ দ্বাৰা ভাৰতে পাঁচখনীয়া শৃংখলাত ৪-১ ফলাফল লাভ কৰিবলৈ সমৰ্থ হয়। কালিৰ খেলখনত ভাৰতে ২৪৮ ৰানৰ টার্গেট বান্ধি দিছিল যদিও ১০ অভাৰ আৰু তিন...

February 3, 2025 12:20 PM

views 13

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ দশমিক ৩ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ দশমিক ২ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ...

February 3, 2025 12:18 PM

views 19

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত বিজেপি, আপ আৰু কংগ্ৰেছ দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰৰ মন জয় কৰিবলৈ ৰোড শ্ব’, জনসভা আৰু ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এইবাৰৰ নিৰ্বাচনত ৬৯৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ১ কোটি ৫৬ লাখতকৈও অধ...

February 3, 2025 12:17 PM

views 10

প্ৰয়াগৰাজৰ মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে। এই অমৃত স্নান মহাকুম্ভৰ অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ ধৰ্মীয় আচাৰ বুলি গণ্য কৰা হয়। যোৱা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে প্ৰথমবাৰ অমৃত স্নান হোৱাৰ পাছত যোৱা ২৯ জানুৱাৰীত মৌনী অমাৱস্যা উপলক্ষে দ্বিতী...