December 3, 2025 11:08 AM

views 33

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আশিংকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন...

December 3, 2025 12:03 PM

views 25

৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ কালি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ ব...

December 3, 2025 11:30 AM

views 24

অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক আজি নিযুক্তি-পত্ৰ প্ৰদান

● অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক আজি নিযুক্তি-পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আজি দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু...

December 3, 2025 11:28 AM

views 23

বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ টাই-আহোম উন্নয়ন পৰিষদৰ

● টাই-আহোম উন্নয়ন পৰিষদে শিৱসাগৰ নগৰ সমীপৰ বেতবাৰী মৌজাত থকা আহোম ৰাজত্ব কালৰ বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে পৰহি মৈদামৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই প্ৰায় ৪৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া...

December 3, 2025 11:22 AM

views 25

পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে’লপথ স্থাপন হ’ব: ৰে’ল মন্ত্রণালয়

● ৰে’ল মন্ত্রণালয়ে পশ্চিমবংগৰ নিউ কোচ বিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ থকা ১৫২. ৩১ কিলোমিটাৰ ৰে'লপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। প্রায় তিনি কোটি ৬৫ লাখ টকা ব্যয়েৰে চলাবলগীয়া এই স্থানভিত্তিক জৰীপ শীঘ্ৰেই আৰম্ভ হ'ব। বৰ্তমান এশাৰীয়া লাইনযুক্ত এই পথটো দ্বৈত ৰে'লপথ হৈ উঠিল...

December 3, 2025 11:19 AM

views 76

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন

● শীতৰ আলহী হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। সত্ৰ-সংস্কৃতিৰ পীঠস্থান মাজুলীত ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহৰ লগতে বিভিন্ন নৈ আৰু জলাশয়সমূহত নানান প্ৰজাতিৰ চৰাইয়ে পর্যটকসকলক আকৰ্ষণ কৰ...

December 3, 2025 11:12 AM

views 35

২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ প্ৰথম প...

December 3, 2025 12:07 PM

views 30

আলফা স্বাধীনৰ ২ সদস্যৰ ডিব্ৰুগড়ত অস্ত্ৰ সম্বৰণ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ দুজন সদস্যই কালি ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। আলফা সদস্য দুজন অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা কৰি আছে।

December 3, 2025 12:00 PM

views 22

অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ’ব

■ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি চিটী কলেজ শাখা সাহিত্য সভাৰ সৌজন্যত মহাবিদ্যালয়খনত অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত জিলাখনৰ সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু প্ৰশাসনীয় দিশলৈ অনবদ্য অৱদান আগবঢ়োৱা ৬০ বছৰ ঊৰ্ধৰ দুগৰাকী বিশিষ্ট ব্যক্তিক ধ...

December 3, 2025 12:09 PM

views 26

কাছাৰত আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্র উৎখাত

গুৱাহাটীৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাই কাছাৰত কালি এটা আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্রক উৎখাত কৰে। সংস্থাৰ এটা দলে শিলচৰৰ সমীপৰ বৰাক নদীত অভিযান চলাই এখন নাৱৰ পৰা প্ৰায় ৬ কিলোগ্রাম হেৰোইন জব্দ কৰে। হেৰোইনখিনিৰ মূল্য ১২.৫০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত লখিমপুৰৰ জেকব হ...