March 1, 2025 8:54 PM

views 12

প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্রীক সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত সন্মিলনত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰণিল ৱিক্রমসিংঘে আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী টনী এবোটক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টক প্রধানমন্ত্রী মোদীয়ে কয়, যে তেওঁ আলোচনাৰ বাবে সদায় আগ্রহী। শ্রী মোদীয়ে শ্...

March 1, 2025 8:50 PM

views 29

দেশত ফেব্ৰুৱাৰীত জি এছ টি সংগ্ৰহ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি

দেশত ফেব্ৰুৱাৰী মাহত সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সংগ্ৰহ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি পাই ১ লাখ ৮৪ কোটি টকা হয়। এই সময়ছোৱাত ৩৫,২০৪ কোটি টকাৰ কেন্দ্রীয় জি এছ টি, ৪৩,৭০৪ কোটি টকাৰ ৰাজ্যিক জি এছ টি, ৯০,৮৭০ কোটি টকাৰ সংহত জি এছ টি আৰু ১৩,৮৬৮ কোটি টকাৰ ক্ষতিপূৰণ উপকৰ সংগৃহীত হয়।

March 1, 2025 8:46 PM

views 18

জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে : মন্ত্ৰী নির্মলা সীতাৰমণ

প্ৰযুক্তিৰ ফলপ্রসূ ব্যৱহাৰৰ বাবে সম্প্ৰতি চৰকাৰে জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৪৯ সংখ্যক অসামৰিক হিচাপ-নিকাচ দিৱস উদযাপন সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ ভূ...

March 1, 2025 8:25 PM

views 18

জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীেৰ মন্ত্ৰী পীাযুষ হাজৰিকাৰ বৈঠক

বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে মন্ত্ৰী পীযূষ হাজৰিকাই আজি জলসম্পদ বিভাগৰ বিষয়া- কৰ্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। গুৱাহাটীৰ বশিষ্ঠৰ অসম জল ভৱনত আয়োজিত এই বৈঠকত জ্যেষ্ঠ বিষয়া, ঠিকাদাৰসকলৰ সৈতে বিভাগীয় কামত জড়িত ভালেকেইগৰাকী ব্যক্তিয়ে অংশ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বান আৰু নদী খহনীয়া ...

March 1, 2025 8:21 PM

views 26

ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিৰ বিশেষ সাংগঠনিক কৰ্মশালা

গুৱাহাটীৰ বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিসকলৰ বিশেষ সাংগঠনিক কৰ্মশালা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোসৰ লগতে ৰাজ্যিক সভাপতি দিলিপ শ‍ইকীয়া উপস্থিত থাকে। দিলিপ শ‍ইকীয়া...

March 1, 2025 8:17 PM

views 24

অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে কেন্দ্ৰৰ বিশেষ স্বাস্থ্য পৰীক্ষা অভিযান গ্ৰহণ

ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশজুৰি প্ৰতিটো অঞ্চলত যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা অভিযান গ্ৰহণ কৰিছে। এই উদ্দেশ্যে মৰিগাওঁ জিলাৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ আছে। স্...

March 1, 2025 8:13 PM

views 11

বৰপেটাত বৰ্তমানৰ হিতাধিকাৰীৰ শেহতীয়া তথ্য পৰীক্ষা প্রক্রিয়া অব্যাহত

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰাৰ পূৰ্বে বৰপেটা জিলাত বৰ্তমানৰ হিতাধিকাৰীসকলৰ শেহতীয়া তথ্য পৰীক্ষা প্রক্রিয়া অব্যাহত আছে। তৃতীয় পৰ্যায়ৰ অৰুণোদয়ত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিকৰণ সন্দৰ্ভত আজি জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সভাত অৰুণো...

March 1, 2025 8:10 PM

views 12

কোকৰাঝাৰত ভূসম্পদ বিভাগৰ জলচ্ছেদ যাত্ৰা কাৰ্যসূচীৰ আয়োজন

প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ জলচ্ছেদ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কোকৰাঝাৰ জিলাত গ্রামোন্নয়ন মন্ত্ৰ্যালয়ৰ উদ্যোগত ভূসম্পদ বিভাগে জলচ্ছেদ যাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰে। জিলাখনৰ আয়ুক্ত মাছান্দা পাৰ্টিন আৰু জিলা ভূমি সংৰক্ষণ সংমণ্ডলৰ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত প...

March 1, 2025 8:07 PM

views 19

কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কৃষি আৰু গ্ৰাম্য সমৃদ্ধি বিষয়ক এখন বাজেট পৰৱৰ্তী ৱেবিনাৰত দিয়া ভাষণত শ্রীমোদীয়ে কয়, যে এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ দৃষ্টিভং...

March 1, 2025 8:04 PM

views 22

২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ

ৰাজ্য চৰকাৰে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা বার্তাযোগে কয়, যে অসমে এই বছৰ ৬ লাখ কোটি টকাৰ জি এছ ডি পি প্রাপ্ত কৰাৰ দিশত আন্তৰিকতাৰে কাম কৰি থকাৰ লগতে অর্থনীতিক আগুৱাই নিয়াৰ...