March 2, 2025 8:34 PM

views 56

এংগোলাত দুশৰো অধিক লোকৰ কলেৰাত মৃত্যু

এংগোলাত কলেৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দুশৰো অধিক হৈছে। এংগোলাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি জানুৱাৰী মাহৰ পৰা দেশখনৰ ৫৫০০ৰো অধিক লোক কলেৰাত আক্ৰান্ত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক গোলকীয় স্বাস্থ্যৰ প্ৰতি ভাবুকি বুলি প্ৰকাশ কৰিছে।

March 2, 2025 8:30 PM

views 17

যোৱা দশকতকৈ দেশত দৰিদ্ৰতাৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে বুলি গৱেষণা পত্ৰত প্ৰকাশ

অর্থনীতিবিদ সুৰজিত এছ ভাল্লা আৰু কৰণ ভচিনে প্ৰকাশ কৰি উলিওৱা এখন গৱেষণা পত্ৰ মতে যোৱা দশকতকৈ দেশত দৰিদ্ৰতাৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ ঘৰুৱা ব্যয়ৰ তথ্যৰ ভিত্তিত অর্থনীতিবিদ দুগৰাকীয়ে এই গৱেষণা পত্ৰখন প্ৰকাশ কৰি উলিয়াইছে। ভাৰতত বর্তমান সময়ত অ...

March 2, 2025 8:24 PM

views 24

জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছেঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি কৈছে যে, জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে আজি হায়দৰাবাদত সংবাদ মাধ্যমৰ আগত কয়, যে বৈপ্লৱিক উড়ান আঁচনিৰ জৰিয়তে দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰসমূহ...

March 2, 2025 8:18 PM

views 64

গুজৰাটৰ গান্ধীনগৰত কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধা সন্দৰ্ভত কয়লা মন্ত্ৰ্যালয়ৰ ৰোড শ্ব’ৰ আয়োজন

কয়লা মন্ত্ৰ্যালয়ে গুজৰাটৰ গান্ধীনগৰত কাইলৈ ব্যৱসায়িক ভিত্তিক কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধাৰ সন্দৰ্ভত এটা ৰোড শ্ব'ৰ আয়োজন কৰিছে। ব্যক্তিগত বিনিয়োগকাৰীক আকৰ্ষণ আৰু বাণিজ্যিক কয়লা খনিৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰ্যালয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ কয়লা খণ্ডত ব্যক্তিগত খণ্ডৰ...

March 2, 2025 8:11 PM

views 17

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্লু ঘোষ্ট মহাকাশ যানৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফায়াৰ ফ্লাই নামৰ মহাকাশ সংস্থাটোৰ ব্লু ঘোষ্ট নামৰ মহাকাশ যানখনে আজি চন্দ্ৰপৃষ্ঠৰ মেৰ ক্ৰিছিয়ামৰ সমীপত প্ৰথমবাৰৰ বাবে সফলতাৰে অৱতৰণ কৰে। চন্দ্ৰপৃষ্ঠত সফলতাৰে মহাকাশ যান অৱতৰণ কৰা এয়া হৈছে দ্বিতীয়টো ব্যক্তিগত অভিযান। মানৱ বিহীন এই মহাকাশ যানখনে বিভিন্ন বৈজ্ঞানিক পৰীক্ষণৰ ১০ ট...

March 2, 2025 8:07 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট ভ্ৰমণৰ অংশ হিচাপে জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলাখনৰ ৩ হাজাৰ একৰ ভূমিত স্থাপন কৰা বনতাৰা হৈছে জীৱজন্তু উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ। শ্ৰীমোদীয়ে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ উদ্দেশ্যে কালি সন্ধিয়া জা...

March 2, 2025 8:03 PM

views 32

বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰ। তেওঁ কয়, যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেৰালাৰ তিৰুৱনন্তপুৰত আজি ভাৰতীয় বিচাৰকেন্দ্ৰমে আয়োজন কৰা চতুৰ্থ পি পৰমেশ্বৰণ স্মাৰক বক্তৃতা...

March 2, 2025 8:00 PM

views 19

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ নিউজিলেণ্ডক জয়ৰ বাবে ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আজি ডুবাইত অনুষ্ঠিত লীগৰ অন্তিমখন খেলত ভাৰতে জয়ৰ বাবে নিউজিলেণ্ডক ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪৯ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙ...

March 2, 2025 6:54 PM

views 31

১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব

৯ দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মা...

March 2, 2025 12:49 PM

views 35

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰত কাৰ্যকৰী  হৈ উঠিব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব। এই সংহত টার্মিনেলে অসমৰ যাতায়ত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰদৰ্শনীত বিমান বন্দৰৰ প্ৰকল্পটোৰ ন...