December 4, 2025 8:38 PM

views 22

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বি...

December 4, 2025 8:03 PM

views 23

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠৰ নতুন দিল্লীত আদৰণি

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠে আজি নতুন দিল্লীত আদৰণি জনায়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰ...

December 4, 2025 8:01 PM

views 21

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্ত...

December 4, 2025 7:59 PM

views 28

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য ভাৰতৰ

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভাৰতে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে আজি কয় যে ভাৰতে কাবুললৈ ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ ৬৩ হাজাৰ ৭০০ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰি...

December 4, 2025 7:24 PM

views 27

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই স্কুটীসমূহ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে পি এম এফ এম ই আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ মাজত চেকো বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা...

December 4, 2025 7:20 PM

views 26

তিনিচুকীয়াত ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাই যৌথভাৱে তিনিচুকীয়াত আয়োজন কৰা ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। যুৱ লেখকসকলৰ মাজত গ্ৰন্থ সংস্কৃতি অধিক দৃঢ় কৰা আৰু পঠন অভ্যাস তথা বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে এই অনু...

December 4, 2025 7:17 PM

views 21

বুঢ়ীদিহিঙৰ পাৰত আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত বুঢ়ীদিহিঙৰ পাৰত আজি মন্ত্রী বিমল বৰাই আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ কৰে। বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলে আলু খেতিৰে স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা লৈছে। খেতিয়কসকলৰ মনোবল বৃদ্ধি কৰি তেওঁলোকক উৎসাহিত কৰাৰ বাবে মন...

December 4, 2025 7:13 PM

views 24

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলৰ ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলে আজি ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ দ্বিজমূৰ মিৰিপথাৰ, ডেমগাঁও আৰু বালিখুটি গাঁৱত মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায়ত জৰীপ কৰা হৈছিল যদিও তৃতীয় পর্যায়ত এই লোকসকল ভূমি পট্টা লাভৰ পৰা বঞ্চিত হোৱাত বৃহত্তৰ অঞ্চলট...

December 4, 2025 7:11 PM

views 22

একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত কীৰ্তন গৃহত ৰাজ্যবাসীৰ কল্যাণার্থে সেৱা আগবঢ়ায়। কলিয়াবৰৰ নিজ চিলাবন্ধাত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় পালন...

December 4, 2025 7:07 PM

views 20

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত ১৪ দিনীয়া গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত আজিৰে পৰা ১৪ দিনীয়াকৈ গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰতিষ্ঠানটোৱে ধুবুৰীৰ কমেও ৬০ গৰাকী মহিলাক বাচনি কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কেইবাগৰাকীও সমল ব্যক্তিয়ে এই কাৰ্যসূচীত প্রশিক্ষণ প্ৰদান কৰিছে।