March 27, 2025 11:49 AM

views 19

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ২৯ মার্চত ‘আপুনি কেনে আছে’ শীৰ্ষক অন্তৰংগ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৯ মার্চ তাৰিখে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে' শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ ১০.৩০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬টা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেই...

March 27, 2025 11:40 AM

views 17

১ এপ্ৰিলৰ পৰা আকাশবাণী গুৱাহাটীৰ ‘জিলাৰ ৰেহৰূপ’ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰ হ’ব

● শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান ‘জিলাৰ ৰেহৰূপ’ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা ১ এপ্ৰিলৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্রতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতেই অর্থাৎ ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিন...

March 27, 2025 11:34 AM

views 37

বিশ্ব নাট্য দিৱস উপলক্ষে সন্ধিয়া ৬.৪৫ বজাত কলাক্ষেত্ৰত ‘ন্যায়’ নামৰ নাটখন মঞ্চস্থ হ’ব

■ বিশ্ব নাট্য দিৱস উপলক্ষে সমাহাৰ নাট্য গোষ্ঠীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়' নামৰ নাটকখন মঞ্চস্থ কৰিব। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে সন্ধিয়া ৬ বাজি ৪৫ ম...

March 27, 2025 11:27 AM

views 40

৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ অসম গৌৰৱ সন্মানসমূহ প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি কেইবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰে। তেওঁ অহা ৩ এপ্ৰিলত হ'বলগীয়া অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। উল্লেখযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে বিভিন্ন...

March 27, 2025 11:18 AM

views 16

অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব: ৰাজ্যপাল

■ দক্ষিণ-পূব এছিয় ৰাষ্ট্ৰসমূহৰ প্ৰৱেশদ্বাৰ ৰূপে অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। ৰাজভৱনত কালি ভাৰতত জাৰ্মানীৰ ৰাষ্ট্রদূত ড° ফিলিপ একাৰমেনৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ব...

March 27, 2025 11:13 AM

views 25

আজি ঘোষণা কৰা হ’ব ‘গুণোৎসৱ, ২০২৫’-ৰ ফলাফল

● গুণোৎসৱ, ২০২৫-ৰ ফলাফল আজি ঘোষণা কৰা হ'ব। এই উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যসাজ প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত তিনিখন জিলাক প্রশংসামূলক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি অনুষ্ঠানত আৰোহণ ক...

March 27, 2025 11:06 AM

views 24

১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটসমূহৰ আহ-যাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা ১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত লৈছে। ৩১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এই কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ অধীনত এহেজাৰ ৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্...

March 26, 2025 8:36 PM

views 31

আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে নিৰ্দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ভাৰত আৰু ব্ৰাজিলৰ প্ৰসংগ উত্থাপনেৰে আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা নিৰ্দেশ দিছে। নিৰ্দেশ অনুসৰি তেওঁ এইবুলি অৱগত কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকসকলে স্বপ্নত্যায়িতভাৱে নিজৰ চিনাক্ত কৰাৰ বিপৰীতে ভাৰত আৰু ব্ৰাজিলে বায়'মেট্রিক ব্য...

March 26, 2025 8:32 PM

views 12

ৰাজ্যসভাত বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

ৰাজ্যসভাত আজি বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়ক ১৯৩৪ চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকৰ নিয়ন্ত্রণ আইন ১৯৪৯, ভাৰতীয় ষ্টেট বেংক আইন ১৯৫৫, বেংকিং কোম্পানী আইন ১৯৭০ আৰু ১৯৮০ ৰ সংশোধনী বিচৰা হৈছে। এই সংশোধনীত প্ৰতিটো বেংকৰ একাউণ্ট ধাৰকসকলৰ পূৰ্বৰ এজন নমিনি ...

March 26, 2025 8:28 PM

views 12

ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

লোকসভাই আজি ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়কত গুজৰাটৰ আনন্দৰ গ্ৰাম্য ব্যৱস্থাপনা প্রতিষ্ঠানক ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰতিষ্ঠানত সমবায় খণ্ড...