December 6, 2025 7:13 PM

views 19

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক...

December 6, 2025 7:08 PM

views 21

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্রশিক্ষণ প্রতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ...

December 6, 2025 7:05 PM

views 18

হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ’ব

ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। কাইলৈ কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। দিনৰ ১১ বজাত হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য ...

December 6, 2025 7:03 PM

views 22

ওদালগুৰিৰ ৰৌতাত ক্রীড়া একাডেমীৰ আধাৰশিলা হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি ওদালগুৰিৰ ৰৌতাত এটা ক্রীড়া একাডেমীৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ উপ-প্ৰমুখ ৰিহগ দৈমাৰী প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 6, 2025 7:02 PM

views 20

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্রমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া ...

December 6, 2025 7:00 PM

views 28

হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নির্দেশনা মর্মে হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা দাবী, যান-বাহন সম্পৰ্কীয...

December 6, 2025 6:58 PM

views 40

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি উলুবাৰীত থকা চি আই দিৰ কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। ...

December 6, 2025 6:52 PM

views 22

বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন

বিশ্বনাথ জিলাৰ বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন কৰা হয়। জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত আধুনিক ভাৰতৰ যুগদ্ৰষ্টা ড০ আম্বেদকাৰৰ সপ্তদশ মহাপৰিনিৰ্বাণ দিৱস বিশ্বনাথ জিলা সমিতিৰ সহযোগত পালন কৰা হয়৷ পুৱা পতাকা উত্তোলন, বি আৰ আম্...

December 6, 2025 6:46 PM

views 28

তামুলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বি টি চি প্রধান হাগ্রামা মহিলাৰীৰ

বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে আজি তামুলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। তেওঁ গোৰেশ্বৰ চ'কৰ পৰা গোৰেশ্বৰ কলেজলৈ ২০২৫-২৬ অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথৰ লগতে আন্ধেৰীঘাটৰ পৰা ডিমাকুছি, বগামাটি হৈ বঙালীপাৰালৈ যোৱা পথ, ডাৰকুছিৰ পৰা সোণতলালৈ যোৱা পথৰ লগতে বি টি চিৰ মুঠ ...

December 6, 2025 6:37 PM

views 26

আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ কৰা মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃণ্ময় হালৈৰ সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্রহণ কৰিছে আমা...