April 13, 2025 6:19 PM

views 90

বৈশাখী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশাখী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত তেওঁ কয় যে এই উৎসৱে সকলোৰে জীৱনলৈ নতুন আশা, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। শ্রীমোদীয়ে লগতে কয় যে, এই উৎসৱে একতা আৰু কৃতজ্ঞতাৰ মনোভাৱ উদযাপন কৰে।

April 13, 2025 6:15 PM

views 10

দিল্লী চৰকাৰ ভীমৰাও আম্বেদকাৰে প্ৰতিষ্ঠা কৰা পথ অনুসৰণ কৰিবলৈ উৎসর্গিতঃ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা

দিল্লী চৰকাৰে আজি ৰাষ্ট্ৰীয় ৰাজধানীত ড০ ভীমৰাও আম্বেদকাৰৰ কাইলৈ উদযাপন কৰিবলগীয়া জয়ন্তী উপলক্ষে ৱাকাথনৰ আয়োজন কৰে। কেইবাশ শিশুৱে অংশগ্ৰহণ কৰা ৱাকাথন দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমতী গুপ্তাই কয় যে দিল্লী চৰকাৰ বাবাচাহেবে প্ৰতিষ্ঠা কৰা পথ অ...

April 13, 2025 6:10 PM

views 45

যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ আহ্বান জনায়। ড০ মন্দাভিয়াই ক্রীড়া মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত জয় ভীম যাত্ৰাৰ পতাকা উত্তোলন কৰাৰ পূৰ্বে পাটনাৰ ...

April 13, 2025 6:04 PM

views 50

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱ পাম চানদে মিজোৰাম আৰু নাগালেণ্ডত উৎসাহ আৰু উদ্দীপনাৰে পালন

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় উৎসৱ পাম চানদে মিজোৰাম আৰু নাগালেণ্ডত উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হয়। খ্ৰীষ্টান ধৰ্মৰ বিশ্বাসীসকলে ইজৰাইলৰ ৰজা হিচাপে জেৰুজালেমত যীশুখ্ৰীষ্টৰ বিজয়ী প্ৰৱেশৰ সোঁৱৰণত এই উৎসৱ পালন কৰা হয়। পাম চানডেৰ পবিত্র সপ্তাহটোত আৰম্ভ হয় আৰু ইষ্টাৰ চানডে উদযাপনেৰে ইয়া...

April 13, 2025 6:00 PM

views 15

চুডানৰ এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু

চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত যোৱা ৪৮ ঘণ্টাত অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু হয়। বিভাগীয় তথ্য অনুসৰি যোৱা শুকুৰবাৰে জাম জাম শিবিৰত ১০০ জন লোক নিহত হয় আৰু কালি আবু শ্বৌক শিবিৰত ১৪ জন লোক নিহত হয়। উল্লেখযোগ্য যে এল ফাছাৰত যোৱা বছৰৰ মে' মাহৰ প...

April 13, 2025 5:51 PM

views 13

বজালী জিলাৰ গাড়িসত্ৰত সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

বজালী জিলাৰ পাঠশালাৰ ওচৰৰ গাড়িসত্ৰত আজি এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসম সাঁতোৰ সন্থাৰ সম্পাদক তথা ছুইমিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপ সভাপতি ভাস্কৰ দাসে বজালীৰ বিশিষ্ট সমাজকর্মী তথা বজালী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি মনোজ শৰ্মাৰ তত্বাৱধানত প্ৰাকৃতিক পৰিবেশৰ মাজত নিৰ্মাণ কৰা এই সাঁ...

April 13, 2025 7:29 PM

views 6

গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অত্যাধুনিক ৰ’ব’টিক ছাৰ্জাৰী ব্যৱস্থা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি ৰোগীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক ৰব'টিক চাৰ্জাৰী ব্যৱস্থা মুকলি কৰে। এই অস্ত্ৰোপচাৰ যন্ত্ৰটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী, কার্দি...

April 13, 2025 5:41 PM

views 12

জালিয়ানবালাবাগৰ শ্বহীদসকলৰ প্ৰতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়ানবালাবাগৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ১৯১৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি কয়, যে তেওঁলোকৰ এই...

April 13, 2025 12:27 PM

views 27

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ বাবে অসম চৰকাৰৰ বিশেষ পৰিকল্পনা

ৰাজ্য চৰকাৰে বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। কালি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে গ্রহণ কৰা সিদ্ধান্তৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত প্ৰকাশ কৰে। শিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ উদ্যাপনৰ বছৰযোৰা কাৰ্যসূচীৰ অহা ৮ ছেপ...

April 13, 2025 12:21 PM

views 13

মোহন বাগান ছুপাৰ জায়েণ্টৰ আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল

মোহন বাগান ছুপাৰ জায়েণ্টে আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। দলটোৱে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত বেংগালুৰু ফুটবল ক্লাবক ২-১ গলত পৰাস্ত কৰে। মোহন বাগানে এইবাৰ দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে ইয়াৰ পূর্বে ২০২২-২৩ বৰ্ষত প্রতিযোগিতাৰ ...